ৰাছিয়া-ইউক্ৰেইনৰ মাজত অব্যাহত আছে সংঘাট!

যোৱা ২৪ ঘণ্টাত শতাধিক শত্ৰু সৈন্য নিহত হোৱাৰ দাবী উভয় পক্ষৰ

ইণ্টাৰনেচনেল ডেস্ক:

ৰাছিয়া-ইউক্ৰেইনৰ মাজত অব্যাহত আছে সংঘাট। পূব ইউক্ৰেইনৰ বাখমুটত দুই দেশৰ সেনাৰ মাজত অব্যাহত আছে তীব্ৰ গুলীবৰ্ষণ। যোৱা ২৪ ঘণ্টাত শতাধিক শত্ৰু সৈন্য নিহত হোৱাৰ দাবী উভয় পক্ষৰ। দুই দেশৰ সংঘৰ্ষৰ নতুন ফ্ৰণ্টলাইনত পৰিণত হোৱা বাখমুট চহৰখনৰ ওপৰত অবিৰত চলি আছে আক্ৰমণ।

ইউক্ৰেইনৰ সামৰিক মুখপাত্ৰ চেৰহি চেৰেভাটিয়ে জনোৱা মতে, বাখমুটত ২২১ জন ৰুছ সৈন্য নিহত হোৱাৰ লগতে আহত হয় ৩০০ৰো অধিক সৈন্য। আনহাতে নতুন ফ্ৰণ্টলাইন বাখমুটৰ ডনেটস্কৰ বৃহৎ এলেকাটোত ২১০ জনলৈকে ইউক্ৰেনিয়ান সৈন্য নিহত হোৱাৰ দাবী কৰে ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে।।

You might also like
Leave A Reply

Your email address will not be published.