মন্দিৰৰ পুখুৰীত স্নান কৰিবলৈ গৈ ৫ ভক্তৰ সলিল সমাধি

নেচনেল ডেস্ক:

 

তামিলনাডুৰ চেন্নাইৰ তাম্বাৰামৰ মুভাৰাচাম্পেট্টাইৰ ধৰ্মৰাজা মন্দিৰত শিহৰনকাৰী ঘটনা। মন্দিৰৰ পুখুৰীত ডুব গৈ সলিল সমাধি পাঁচজন লোকৰ। জানিব পৰা মতে, মন্দিৰত অনুষ্ঠিত হোৱা উৎসৱ শেষ হোৱাৰ পিছতে একেলগে পাঁচজন লোক মন্দিৰৰ পুখুৰীত গা ধুবলৈ যাওঁতেই সংঘটিত হয় এই কৰুণ দুৰ্ঘটনাটো ।আৰক্ষীয়ে জনোৱা অনুসৰি প্ৰথমে দুজন লোক গভীৰ পানীলৈ নামি গৈছিল আৰু হঠাতে তেওঁলোক দ-পানীত ডুবিবলৈ আৰম্ভ কৰে। লগে লগে আন তিনিজন লোকে তেওঁলোকক বচাবলৈ চেষ্টা কৰিছিল যদিও তেওঁলোক নিজেও পানীত ডুব গৈ মৃত্যুবৰণ কৰে। ঘটনাস্থলীত আৰক্ষী আৰু উদ্ধাৰকাৰী বাহিনী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।।

You might also like
Leave A Reply

Your email address will not be published.