নিউজ ডেস্ক:
পুনৰ মহানগৰীত সাংবাদিকক আক্ৰমণৰ ঘটনা। গুৱাহাটীৰ শান্তিপুৰৰ প্ৰফেছাৰ কলনীত সংঘটিত হয় এই ঘটনা। জ্যেষ্ঠ সাংবাদিক গীতাশ্ৰী তালুকদাৰৰ বাসগৃহত
আক্ৰমণ কোনো অচিনাক্ত দুষ্কৃতিকাৰীৰ।
সূত্ৰৰ পৰা জানিব পৰা মতে, নিশা গীতাশ্ৰী তালুকদাৰ পৰিয়ালৰ সৈতে ঘৰত থকাৰ সময়তে সংঘটিত হয় এই ঘটনা। অচিনাক্ত দুষ্কৃতিকাৰীয়ে তেওঁৰ বাসগৃহত প্ৰৱেশ কৰি বাহিৰত ৰখাই থোৱা বাইকখনত অগ্নি সংযোগ কৰে । ইয়াৰ পিছতে বটল নিক্ষেপ কৰি ক্ষতিসাধন কৰে সাংবাদিকগৰাকীৰ বাসগৃহ। ঘটনা সন্দৰ্ভত গীতাশ্ৰী তালুকদাৰে ততাতৈয়াকৈ ভৰলু থানাত এফআইআৰ দাখিল কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।।