নেচনেল ডেস্ক :
ভাৰত-বাংলাদেশ সীমান্তত বি এছ এফ জোৱানৰ বৃহৎ সফল অভিযান । মঙলবাৰে বি এছ এফে প্ৰায় ১৩ কোটি টকাৰ সাপৰ বিষ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
উদ্ধাৰ হোৱা ২.০১০ কিলোগ্ৰাম সাপৰ বিষ এটা কাঁচৰ টেমাত বন্ধ কৰি ৰখা হৈছিল।একাংশ বাংলাদেশী চোৰাং চক্ৰই বাংলাদেশৰ পৰা ভাৰতলৈ গোপনে সৰবৰাহ কৰিবলৈ চেষ্টা চলাইছিল সাপৰ বিষ খিনি ।
উদ্ধাৰ হোৱা সাপৰ বিষখিনিৰ টেমাত “কোব্ৰা এছ পি ৰেড ড্ৰেগন, মেড ইন ফ্ৰান্স কোড নং-৬০৯৭” বুলি লিখা আছিল।।