পঞ্চায়ত নিৰ্বাচনৰ বাবে টঙালি বান্ধিছে অগপই

গন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে টঙালি বান্ধিছে আঞ্চলিক দল অসম গণ পৰিষদে। আজি পৱিত্ৰ ভাদ মাহৰ পহিলা দিনটোত দলৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ড° জয়নাথ শৰ্মাই দলীয় কৰ্মকৰ্তা সমন্বিতে দৰঙৰ ঐতিহাসিক খটৰা সত্ৰত উপস্থিত হৈ ৰঘুনাথৰ আশীষ লৈ পঞ্চায়ত নিৰ্বাচনত শক্তিশালী ভাৱে আত্মপ্ৰকাশ কৰিবলৈ কুজ কাৱাজ আৰম্ভ কৰিছে। বিশেষকৈ দলৰ জ্যেষ্ঠ নেতা গৰাকীয়ে দৰং অগপৰ সভাপতি কমলেশ্বৰ বৰুৱা, কেন্দ্ৰীয় পৰ্যবেক্ষক অৰ্ণৱ ভড়ালী, কলাইগাওঁ সমষ্টিৰ প্ৰাক্তন বিধায়ক মহেন্দ্ৰ মোহন ৰায় চৌধুৰী, স্বৰাজ ডেকা, দুলাল ডেকা প্ৰমুখ্যে দলীয় নেতাসকলক লগতলৈ ছিপাঝাৰ সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা পাঁচটা পঞ্চায়তৰ দলীয় কৰ্মীসকলক সক্ৰিয় কৰিবলৈ তৎপৰ হৈ পৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.