দুধনৈত জৈৱিক আৰু প্ৰাকৃতিক খেতিৰ ওপৰত প্ৰশিক্ষণ

জি দুধনৈ নিকটৱৰ্তী লেলা গাওঁ পঞ্চায়ত কাৰ্যালয়ত ইম্ফলস্থিত জৈৱিক আৰু প্ৰাকৃতিক কৃষিৰ আঞ্চলিক কেন্দ্ৰৰ উদ্যোগত তথা কিউমাৰ্ক ইন্টাৰনেচনেল চাৰ্টিফিকেচন প্ৰাইভেট লিমিটেড গুৱাহাটী আৰু এএফচি ইণ্ডিয়া লিমিটেড নিউ দিল্লীৰ সহযোগত এদিনীয়া কাৰ্যসূচীৰে জৈবিক আৰু প্ৰাকৃতিক কৃষিৰ ওপৰত কৃষক প্ৰশিক্ষণ আৰু প্ৰদৰ্শন অনুষ্ঠিত হয়৷ বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল মিচন অৰ্গেনিক ভ্যেলু চেইন ডেভেলপমেণ্ট (MOVCDNE) আঁচনিৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলত ভেনিলা খেতিক সম্ভাৱনাপূৰ্ণ খেতি হিচাবে বাচনি কৰি জৈৱিক আৰু প্ৰাকৃতিক পদ্ধতিৰে এই খেতিৰ পৰা কিদৰে উৎপাদন বঢ়াব পাৰি মূল্য নিৰূপণ কৰি কেনেদৰে এখন বজাৰ সৃষ্টি কৰিব পাৰি তাৰ ওপৰত ব্যাখ্য আগবঢ়াই আজিৰ প্ৰশিক্ষণত উপস্থিত থকা কেবাগৰাকী সমল ব্যক্তিয়ে৷ এই আঁচনি খন কেন্দ্ৰীয় খণ্ডৰ আঁচনি আৰু ৰাষ্ট্ৰীয় বহনক্ষম কৃষি আভিযানৰ উপ মিচন৷

কৃষি আৰু কল্যাণ মন্ত্ৰণালয়ে অসম, অৰুণাচল, মণিপুৰ, আৰু মেঘালয় ৰাজ্যত এই আঁচনিখন ৰূপায়ন কৰি আহিছে৷ কিউমাৰ্ক ইন্টাৰনেচনেল চাৰ্টিফিকেচন প্ৰাইভেট লিমিটেড গুৱাহাটীৰ চিইঅ ৰঞ্জন বৰুৱা আৰু এএফচি ইণ্ডিয়া লিমিটেডৰ প্ৰজেক্ট সহযোগী সীমান্ত বৰাই জৈবিক আৰু প্ৰাকৃতিক পদ্ধতিৰে কেনেদৰে ভেনিলা খেতি উপযোগী “বীজামৃত” “সঞ্জীৱক” আৰু “জীৱামৃত” সাৰ নিজে প্ৰস্তুত কৰি কৃষিত প্ৰয়োগ কৰিব পাৰি সেই বিষয়ে প্ৰদৰ্শনৰ জৰিয়তে কৃষক সকলক বুজাই দিয়াৰ লগতে কৃষকৰ লগত মত বিনিময় কৰে৷ আজিৰ কাৰ্যসূূূচীত MOVCDNEৰ অধিনত পাঁচশ ভেনিলা কৃষকক লৈ কৃষক উৎপাদন কোম্পানী (FPC) গঠন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হয় ৷ এই প্ৰশিক্ষণ কাৰ্যসূচীত ইম্ফলস্থিত MOVCDNEৰ কাৰিকৰী সহযোগী বিষয়া মহেন্দ্ৰ কুমাৰ মীনা উপস্থিত থকাৰ লগতে কৃষি উন্নয়ন বিষয়া অবিনাশ পাটগিৰী, ভেনিলা খেতিয়ক কীৰ্তন চাংমা আৰু বহুসংখ্যক কৃষক উপস্থিত থাকে৷।

You might also like
Leave A Reply

Your email address will not be published.