অগ্নিগৰ্ভা পাকিস্তান……

 

নেচনেল ডেস্ক:

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক গ্ৰেপ্তাৰ। ইছলামাবাদ হাইক’ৰ্ট চৌহদৰ পৰা গ্ৰেপ্তাৰ ইমৰাণ খানক। পাকিস্তানৰ ৰেঞ্জাৰৰ্ছে গ্ৰেপ্তাৰ কৰে ইমৰাণ খানক। প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীক গ্ৰেপ্তাৰৰ পিছৰে পৰাই অস্থিৰ হৈ পৰিছে পাকিস্তানৰ বিভিন্ন অঞ্চল। ইমৰান খানক গ্ৰেপ্তাৰক লৈ পাকিস্তানত সৃষ্টি হৈছে গৃহযুদ্ধসদৃশ পৰিস্থিতিৰ৷ ৰাজপথলৈ নামি আহিল ইমৰাণ খানৰ দল পিটিআইৰ সমৰ্থক। সমগ্ৰ পাকিস্তানতে শান্তি বজাই ৰাখিবলৈ প্ৰশাসনে জাৰি কৰিছে ১৪৪ ধাৰা৷ গৃহ বিভাগৰ মতে, সমাৱেশৰ ওপৰত নিষেধাজ্ঞা দুদিনৰ বাবে থাকিব। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা আৰু ছ’চিয়েল মিডিয়াও।

দেশখনৰ প্ৰায়বোৰ অঞ্চলতে ইমৰাণ খানৰ সমৰ্থকে প্ৰতিবাদ সাব্যস্ত কৰা দেখা হৈছে। ইমৰাণৰ সমৰ্থকে ৰাৱালপিণ্ডিত সেনাৰ মুখ্য কাৰ্যালয় আৰু লাহোৰত কৰ্পছ কমাণ্ডাৰৰ বাসগৃহতো আক্ৰমণ কৰে।

You might also like
Leave A Reply

Your email address will not be published.