বিশিষ্ট সাহিত্যিক,সমালোচক,অধ্যাপক ডঃ দিলীপ বৰুৱাই আজি পূৱা ইহলীলা সম্বৰণ কৰে। যোৰহাটৰ নিজা বাসভৱনত দেহাৱসান ঘটে প্ৰখ্যাত সাহিত্যিকগৰাকীৰ। কটন কলেজ, গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰাৰ উপৰিও ডঃ বৰুৱা ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু বৰ্ধমান বিশ্ববিদ্যালয়ৰো অধ্যাপক আছিল। তেখেতৰ মৃত্যু অসমৰ সাহিত্য তথা শিক্ষা জগতৰ বাবে এক অপূৰণীয় ক্ষতি।।
