অন্ধ্ৰপ্ৰদেশৰ পালনাডুৰ ডাচেপল্লীত ভয়ংকৰ পথ দুৰ্ঘটনা।

নেচনেল ডেস্ক:

ন্ধ্ৰপ্ৰদেশৰ পালনাডুৰ ডাচেপল্লীত ভয়ংকৰ পথ দুৰ্ঘটনা। বুধবাৰে পুৱতি নিশা ট্ৰাক আৰু অটোৰিক্সাৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা । দুৰ্ঘটনাত থিতাতে নিহত ৫ গৰাকী লোক। আনহাতে গুৰুতৰভাৱে আহত ৭ গৰাকী লোক। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত আহতসকলক উদ্ধাৰ কৰি ততাতৈয়াকৈ গুৰাজালা আৰু মিৰিয়ালাগুড়া চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আনহাতে মৃতদেহসমূহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

জানিব পৰা মতে, আডংকি–নৰকেট পল্লী পথত সংঘটিত হয় এই দুৰ্ঘটনা।আৰক্ষীয়ে জনোৱা অনুসৰি বাহনখনৰ গতি ইমানেই বেছি আছিল যে দুৰ্ঘটনাস্থলীৰ পৰা প্ৰায় ৫০ মিটাৰ দূৰত উদ্ধাৰ হয় মৃতদেহসমূহ। ইফালে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ট্ৰাকসহ চালকে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।।

You might also like
Leave A Reply

Your email address will not be published.