অবশেষত ৰূপজ্যোতিও!

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

কাইলৈ গেৰুৱা বসন পিন্ধিব মৰিয়নিৰ কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।বিজেপিত যোগদানৰ কেৱল আনুষ্ঠানিকতাহে বাকি থকা কংগ্ৰেছ বিধায়কজনে ইতিমধ্যে মৰিয়নিৰ দলীয় কৰ্মীৰ আগত কংগ্ৰেছ ত্যাগৰ কথা ঘোষণা কৰিছে। শুকুৰবাৰে অসম বিধান সভাৰ বিধায়ক পদ ত্যাগ কৰাৰ সম্ভাৱনা আছে ৰূপজ্যোতি কুৰ্মীৰ।

উল্লেখযোগ্য যে শেহতীয়া নিৰ্বাচনত মৰিয়নি সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ হৈ বিধায়ক নিৰ্বাচিত ৰূপজ্যোতি কুৰ্মীক কংগ্ৰেছ বিধায়নী দলৰ সচিব পদ দিয়া হৈছিল যদিও তেওঁ প্ৰত্যাখ্যান কৰিছিল। ৰূপজ্যোতিৰ বিজেপি গমন প্ৰদেশ কংগ্ৰেছৰ বাবে আন এক মোক্ষম আঘাত। ।

You might also like
Leave A Reply

Your email address will not be published.