অভিভাৱকহীন হ’ল গণেশগুৰিৰ লখিমী হোটেল

মহানগৰ সেৱা, এন ই ভাৰত

অভিভাৱকহীন হ’ল গণেশগুৰিৰ প্ৰসিদ্ধ লখিমী হোটেল। ক’ভিডৰ যুঁজত হাৰ মানি আজি মৃত্যুক সাৱতি ল’লে লখিমী হোটেলৰ স্বত্বাধিকাৰ ৰমেশ দাসে। এগৰাকী সফল ব্যৱসায়ি হোৱাৰ উপৰি সাহিত্য, সাংস্কৃতিক, সামাজিক আদি বিভিন্ন ক্ষেত্ৰৰে ওতঃপ্ৰোত সম্পৰ্ক আছিল প্ৰয়াত ৰমেশ দাসৰ।গুৱাহাটীৰ পুৰনি সোণালী স্মৃতি বিজড়িত তথা বিভিন্ন ক্ষেত্ৰৰ বহু বৰেণ্য ব্যক্তিৰ এসময়ৰ অবিচ্ছেদ্য আড্ডাথলি সমুহৰ মাজত অন্যতম গণেশগুৰিৰ লখিমী হোটেল। প্ৰথমে চাহ-মিঠাইৰ দোকানৰ পৰা পাছলৈ ভাতৰ হোটেললৈও ব্যৱসায় সম্প্ৰসাৰণ ঘটোৱা লখিমীৰ স্বত্বাধিকাৰ ৰমেশ দাসৰ শুণ্যৰ পৰা উত্থানৰ সফল ব্যৱসায়িক পৰিক্ৰমাৰ সাক্ষী হৈ ৰৈছে ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ অগনন লোক। সফল ব্যৱসায়ি তথা সংস্কৃতিবান জনপ্ৰিয় ব্যক্তি গৰাকীৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.