অলিম্পিকত ভাৰতীয় হকীৰ সাফল্যৰ আঁৰত এজন মুখ্যমন্ত্ৰী!

কোনো প্ৰখ্যাত কোম্পানীয়ে নহয়,২০১৮ চনৰ পৰাই দেশৰ ৰাষ্ট্ৰীয় খেল হকীৰ মহিলা,পুৰুষ উভয় দলকে স্পনচৰ কৰি আহিছে ওড়িশাৰ নবীন পাটনায়ক চৰকাৰে।চলিত টকিঅ’ অলিম্পিকত ৪৯ বছৰৰ পাছত ভাৰতীয় পুৰুষ হকী দলে আৰু পোন প্ৰথমবাৰৰ বাবে মহিলা হকী দলে ছেমি ফাইনেলত প্ৰৱেশ কৰি চমক সৃষ্টি কৰাৰ লগে লগে চ’ছিয়েল মিডিয়াত প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক আৰু তেওঁৰ চৰকাৰ। দেশৰ পুৰুষ হকী দলটো আজি ছেমি ফাইনেলত বেলজিয়ামৰ হাতত পৰাস্ত হোৱাৰ বিপৰীতে মহিলাৰ দলটোৱে বুধবাৰে বিয়লি ৩:৩০ বজাত আৰ্জেন্টিনাৰ বিৰুদ্ধে ছেমি ফাইনেলত অবতীৰ্ণ হ’ব।

উল্লেখযোগ্য যে টকিঅ’ অলিম্পিকত দেশৰ গৌৰৱ উজলোৱা মহিলা-পুৰুষৰ দুয়োটা দলক ২০১৮ চনৰ পৰা স্পনচৰ কৰি অহা ওড়িশাৰ চৰকাৰে দল দুটাৰ বাবে এই সময়চোৱাত প্ৰায় ১৫০ কোটি টকা ব্যয় কৰিছে।অলিম্পিকত ভাগ লোৱা ভাৰতীয় হকীৰ দুয়োটা দলৰ জাৰ্চীত লিখা আছে ওড়িশাৰ নাম।।

You might also like
Leave A Reply

Your email address will not be published.