অসম পাবহি ‘এম ভি গংগা-বিলাস’!

নিউজ ডেস্ক:

জি অসম পাবহি এম ভি গংগা-বিলাস। নদী পথেৰে বাংলাদেশ হৈ অসমলৈ আহি আছে গংগা বিলাস। ১৩ জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেলী ফ্লেগ অফ কৰিছিল বিলাসী জাহাজখনৰ। আজি বিয়লি প্ৰায় ৪ বজাত বাংলাদেশৰ পৰা বৰলুইতেৰে উপস্থিত হ’ব ধুবুৰীত। ধুবুৰীত এনিশা কটাবলগীয়া জাহাজখনৰ ৩৩ গৰাকী চুইডিছ পৰ্যটকক আদৰিবলৈ সাজু হৈছে জিলা প্ৰশাসন। ইতিমধ্যে ভাৰতীয় অন্তৰ্দেশীয় জলমাৰ্গৰ জাহাজঘাট চৌহদত নিৰ্মাণ কৰা হৈছে অস্থায়ী পেণ্ডেল। কাইলৈ পুৱা পৰ্যটকসকলে ধুবুৰীৰ গৌৰীপুৰৰ সমীপৰ আশাৰীকান্দি গাঁও ভ্ৰমণ কৰাৰ লগতে বিভিন্ন ধৰ্মীয় স্থান পৰিদৰ্শন কৰাৰ পাছতে বৰলুইতেৰে গোৱালপাৰাৰ পঞ্চৰত্ন অভিমুখে যাত্ৰা কৰিব প্ৰমোদতৰী গংগা-বিলাসে। যাত্ৰা পথত পৰ্যটকসকলে গোৱালপাৰাৰ সূৰ্য পাহাৰ আৰু সৰ্থেবাৰী ভ্ৰমণ কৰাৰ সম্ভাৱনা। দেশৰ পৰ্যটন ক্ষেত্ৰখনত নতুন দিগন্ত ৰচনা কৰি বাৰাণসীৰ পৰা যাত্ৰা কৰা এই প্ৰমোদতৰীখনে ভাৰত আৰু চুবুৰীয়া বাংলাদেশৰ সৰ্বমুঠ ২৭ খনকৈ নদী প্ৰণালীৰে ৩,২০০ কিলোমিটাৰৰ দৈৰ্ঘ্যৰ নদী পথ অতিক্ৰম কৰি উপস্থিত হ’ব ডিব্ৰুগড়ত।

 

আজি ধুবুৰী জাহাজঘাটত পৰ্যটকসকলক আদৰণি জনোৱাৰ উদ্দেশ্যে আয়োজন কৰা বিশেষ কাৰ্যসূচীত উপস্থিত থাকিব অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী তথা ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা।

You might also like
Leave A Reply

Your email address will not be published.