দিশপুৰত হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ তৃতীয়খন কেবিনেট বৈঠক। বৈঠকত গ্ৰহণ কৰা হয় একাধিক গুৰুত্বপূৰ্ণ সিদ্ধান্ত । এই সমুহৰ মাজত আছে
চৰকাৰী আঁচনিৰ ধনৰ বাবে এতিয়াৰে পৰা বিত্ত বিভাগৰ অনুমতিৰ প্ৰয়োজন ন’হব। প্ৰতিটো বিভাগৰ দায়িত্বত থকা অধ্যক্ষই গ্ৰহণ কৰিব পাৰিব সিদ্ধান্ত।
কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনিৰ ১৩ লাখ হিতাধিকাৰীৰ একাউণ্টত প্ৰতিমাহে জমা হ’ব ২৫০ টকাকৈ।
দীন দয়াল দিব্যাংগ আঁচনিৰ ১ লাখ ৬০ হাজাৰ হিতাধিকাৰীৰ একাউণ্টত জমা হ’ব ১০০০ টকাকৈ। প্ৰতি মাহৰ ১০ তাৰিখে দিব্যাংগ হিতাধিকাৰীৰ একাউণ্টত পোনে পোনে জমা হ’ব এই ধন।
ইন্দিৰা মিৰি বিধৱা পেঞ্চনৰ ২ লাখ ৭০ হাজাৰ হিতাধিকাৰীৰ একাউণ্টত প্ৰতিমাহে জমা হ’ব ৩০০ টকাকৈ।
BTRৰ চাৰি জিলাৰ প্ৰশাসনিক দিশ উন্নয়নৰ বাবে গঠন হ’ব সুকীয়া বিভাগ। ৱেলফেয়াৰ অব বড়োলেণ্ড নামেৰে গঠন হ’ব এই বিভাগ। কোকৰাঝাৰত বড়োলেণ্ড ষ্টাফ কলেজ নিৰ্মাণৰো সিদ্ধান্ত।
জিলা ভিত্তিত থাকিব অভিভাৱক মন্ত্ৰী।একোজন মন্ত্ৰীৰ দায়িত্বত থাকিব ২-৩ খন জিলা।।