➡️ ১৮৭২ চনৰ আজিৰ দিনটোতে ৰঞ্জি ট্ৰফীৰ বাবে বিখ্যাত ৰঞ্জিত সিংজীৰ জন্ম হৈছিল।
➡️ ১৮৮৭ চনৰ ১০ ছেপ্টেম্বৰত ভাৰতৰ স্বাধীনতা আন্দোলনৰ অগ্ৰণী নেতা গোবিন্দ বল্লভ পন্তৰ জন্ম হৈছিল।
➡️ প্ৰখ্যাত মাৰ্কিন বিজ্ঞানী আৰ্থাৰ হোলি কম্পটনৰ জন্ম হৈছিল ১৮৯২ চনৰ ১০ ছেপ্টেম্বৰত। ১৯২৭ চনত তেওঁ পদাৰ্থ-বিজ্ঞানৰ ন’বেল বঁটা লাভ কৰিছিল।
➡️ ১৮৯৩ চনৰ ১০ ছেপ্টেম্বৰত আততায়ীৰ হাতত নিহত হৈছিল অষ্ট্ৰিয়াৰ সম্ৰাজ্ঞী ।
➡️ ১৯১৭ চনৰ আজিৰ দিনটোতে সাহিত্যিক সতেন্দ্ৰ নাথ শৰ্মাৰ জন্ম হৈছিল ।
➡️ বাংলা শিশু সাহিত্যৰ যশস্বী লেখক সুকুমাৰ ৰায়ৰ মৃত্যু হৈছিল ১৯২৩ চনৰ ১০ ছেপ্টেম্বৰত।
➡️ ১৯৩৩ চনৰ আজিৰ দিনটোতে কবি, শিল্প সমালোচক নীলমণি ফুকনৰ জন্ম হৈছিল।
➡️ ২০০০ চনৰ আজিৰ দিনটোতে ছিডনী অলিম্পিক আৰম্ভ হৈছিল । এই সমাৰোহ ১ অক্টোবৰলৈকে চলিছিল ।
➡️ তেল আভিভত সংঘটিত বোমা বিস্ফোৰণৰ পৰিপ্ৰেক্ষিতত ইজৰাইলৰ প্ৰধান মন্ত্ৰী এৰিয়েল শ্বেৰনৰ ভাৰত ভ্ৰমণ অসমাপ্ত হৈছিল ২০০৩ চনৰ ১০ ছেপ্টেম্বৰত।।