আজি ১৩ ছেপ্টেম্বৰ

➡️ আজি সন্ত্ৰাসবাদ বিৰোধী দিৱস।

➡️ ১৯০৪ চনৰ আজিৰ দিনটোতে অসমৰ সমবায় সমিতি
‘শ্বিলং সমবায় টাউন বেংক’ প্ৰতিষ্ঠা কৰা হৈছিল।

➡️ ১৯১৬ চনৰ ১৩ ছেপ্টেম্বৰত এনি বেছাণ্টে ভাৰতত হোমৰুল লীগ প্ৰতিষ্ঠা কৰিছিল।

➡️ লিবিয়াৰ আজিজিয়াত তাপমাত্ৰা ৫৭.৭ ডিগ্ৰী চেলছিয়াছ হৈছিল ১৯২২ চনৰ ১৩ ছেপ্তেম্বৰত। ইয়েই এতিয়ালৈকে পৃথিৱীৰ সৰ্বোচ্চ তাপমাত্ৰা।

➡️ ১৯৪৮ চনৰ আজিৰ দিনটোতে ভাৰতীয় সেনাই নিজামৰ ৰাজ্য হায়দৰাবাদ দখল কৰিছিল।

➡️ ১৯৭১ চনৰ ১৩ ছেপ্তেম্বৰত চীনৰ সামৰিক বাহিনীৰ প্ৰধান তথা চীনৰ কমিউনিষ্ট পাৰ্টীৰ বিশিষ্ট নেতা লিন পিয়াত্তৰ বিমান দুৰ্ঘটনাত মৃত্যু হৈছিল ।

➡️ ১৯৯২ চনৰ আজিৰ দিনটোতে কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

➡️ সাহিত্যিক মহেশ্বৰ নেওগৰ মৃত্যু হৈছিল ১৯৯৫ চনৰ ১৩ ছেপ্তেম্বৰত।

➡️ ১৯৯৬ চনৰ আজিৰ দিনটোতে লোকসভাত লোকপাল বিধেয়ক গৃহীত হৈছিল ।

➡️ ২০০৩ চনৰ আজিৰ দিনটোতে প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ দ্বাৰা ‘দা হিন্দু’ কাকতৰ ১২৫ বছৰীয়া জয়ন্তী উদ্বোধন কৰা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.