আজি ১৫ আগষ্ট

▶️আজি ভাৰতৰ স্বাধীনতা দিৱস।
▶️আজি দক্ষিণ কোৰিয়াৰ স্বাধীনতা দিৱস।
▶️১২৬১ চনৰ আজিৰ দিনটোতেই বায়জান্টিয়সকলৰ হাতত কনষ্টান্টিনোপলৰ পতন।অষ্টম মাইকেল বায়জান্টিয়াম সাম্ৰাজ্যৰ নতুন সম্ৰাট।
▶️১৭৬৯ চনৰ আজিৰ দিনটোতেই ফৰাচী সম্ৰাট নেপোলিয়ন বোনাপাৰ্টৰ জন্ম হৈছিল।
▶️১৯১৪ চনৰ আজিৰ দিনটোতেই পানামা খালৰ নিৰ্মাণ সম্পূৰ্ণ। এই দিনটোতেই খালটোৱেদি প্ৰথমখন জাহাজ পাৰ হৈছিল।
▶️১৯৪৭ চনৰ আজিৰ দিনটোতেই ভাৰতৰ স্বাধীনতা লাভ। জৱাহৰলাল নেহৰুৰ স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী ৰূপে শপতগ্ৰহণ। নতুন দিল্লী স্বাধীন ভাৰতৰ ৰাজধানী।
▶️১৯৫০ চনৰ আজিৰ দিনটোতেই অসমত প্ৰৱল ভূমিকম্পত ১,৩৫০ লোকৰ মৃত্যু।
▶️১৯৬৫ চনৰ আজিৰ দিনটোতেই ভাৰতীয় খাদ্য নিগম(FCI) প্ৰতিষ্ঠা।
▶️১৯৭২ চনৰ এই দিনটোতেই ভাৰতত পিন কোড(PIN)ৰ প্ৰৱৰ্তন।
▶️১৯৭৫ চনৰ আজিৰ দিনটোতেই বাংলাদেশৰ সেনা বিষয়াৰ এটা দলৰ দ্বাৰা তদানীন্তন ৰাষ্ট্ৰপতি শ্বেখ মজিবুৰ ৰহমানক পত্নীসহ হত্যা।
▶️১৯৮৫ চনৰ আজিৰ দিনটোতেই সদৌ অসম ছাত্ৰ সন্থা আৰু তদানীন্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ মাজত অসম চুক্তি সম্পাদন।
▶️১৯৮৬ চনৰ আজিৰ দিনটোতেই ৰাধিকামোহন ভাগৱতীৰ সম্পাদনাত অসমীয়া দৈনিক বাতৰিকাকত ‘আজিৰ অসম’ৰ প্ৰথম প্ৰকাশ।
▶️১৯৮২ চনৰ আজিৰ দিনটোতেই দূৰদৰ্শনৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ সম্প্ৰচাৰ আৰম্ভ হৈছিল।
▶️১৯৯৬ চনৰ আজিৰ দিনটোতেই আন্দামানৰ ৰোজ আইলেণ্ডক ‘ৰাণী লক্ষ্মীবাই আইলেণ্ড’ নামেৰে নামাকৰণ।
▶️১৯৯৭ চনৰ আজিৰ দিনটোতেই দেশজুৰি ভাৰতৰ স্বাধীনতাৰ স্বৰ্ণজয়ন্তী পালন।
▶️২০০২ চনৰ আজিৰ দিনটোতেই সুকীয়া জিলা হিচাপে গুৱাহাটীৰ নাম ঘোষণা।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই ধেমাজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ মাজতে হোৱা বোমা বিস্ফোৰণত দহটি শিশুসহ ১৩ গৰাকীৰ প্ৰাণহানি,আহত হৈছিল অৰ্ধশতাধিক লোক।।

You might also like
Leave A Reply

Your email address will not be published.