আজি ১৫ ছেপ্টেম্বৰ

➡️ আজি অভিযন্তা দিৱস।

➡️ আজি সঞ্চায়িকা দিৱস।

➡️ ১৮৩০ চনৰ ১৫ ছেপ্টেম্বৰত আনুষ্ঠানিকভাৱে ৰে’ল যুগৰ আৰম্ভণিৰ কথা ঘোষণা কৰা হৈছিল । সেইদিনাই জৰ্জ ষ্টিফেনচনে নিৰ্মাণ কৰা ‘ৰকেট’ নামৰ ইঞ্জিনটো টনা ভাপচালিত ৰে’লগাড়ীৰ চলাচল আৰম্ভ হৈছিল।

➡️ ১৮৬০ চনৰ আজিৰ দিনটোতে আধুনিক কৰ্ণাটকৰ অন্যতম প্ৰতিষ্ঠাতা, স্থাপতি এম বিশ্বোশ্বায়াৰৰ জন্ম হৈছিল ।

➡️ ১৮৯০ চনৰ আজিৰ দিনটোতে ৰহস্য সাহিত্যৰ কিংবদন্তি লেখিকা আগাথা ক্ৰিষ্টিৰ জন্ম হৈছিল ।

➡️ প্ৰসিদ্ধ বাংলা সাহিত্যিক শৰৎ চন্দ্ৰ চট্টোপাধ্যায়ৰ জন্ম হৈছিল ১৫ ছেপ্তেম্বৰত।

➡️ ১৯১৬ চনৰ আজিৰ দিনটোত শাস্ত্ৰীয় সংগীতৰ প্ৰসিদ্ধ শিল্পী এম এছ শুভলক্ষ্মীৰ (সম্পূৰ্ণ নাম মাদুৰাই শ্বানমুগাভাডিভু শুভলক্ষ্মী) জন্ম হৈছিল।

➡️ ভাৰতৰ দিল্লীত প্ৰথমবাৰৰ বাবে টেলিভিছনৰ পৰীক্ষামূলক সম্প্ৰচাৰ আৰম্ভ হৈছিল ১৯৫৯ চনৰ ১৫ ছেপ্তেম্বৰত।

➡️ ১৯৮৯ চনৰ আজিৰ দিনটোতে ব্ৰৰছন-মেটকাফ নামৰ ধুমকেতু এটা সূৰ্যৰ পৰা ৮৬০ লাখ কিলোমিটাৰ দূৰত অৱস্থান কৰিছিল।

➡️ ২০০১ চনৰ ১৫ ছেপ্তেম্বৰত আমেৰিকাৰ ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ ধ্বংসৰ মূল নায়ক ৰূপে অভিযুক্ত ওছামা বিন লাডেন তালিবানশাসিত আফগানিস্তানত থকাৰ পৰিপ্ৰক্ষিতত আমেৰিকাই আফগানিস্তানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল।।

You might also like
Leave A Reply

Your email address will not be published.