আজি ১৮ আগষ্ট

➡️ ১৮০০ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথমখন মহাবিদ্যালয় কলকাতাৰ ফৰ্ট উইলিয়াম কলেজ প্ৰতিষ্ঠা কৰা হৈছিল । ১৮৫৪ চনত এই মহাবিদ্যালয় বন্ধ হৈছিল ।

➡️ ১৮৬৪ চনৰ ১৮ আগষ্টত সমাজসেৱাৰ বাবে আন্তৰ্জাতিক সংগঠন ৰেড ক্ৰছ প্ৰতিষ্ঠা কৰা হৈছিল । প্ৰতিষ্ঠাতা আছিল হেন্‌ৰী ডুনাণ্ট।

➡️ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ প্ৰথম মহিলা তথা প্ৰথম ভাৰতীয় সভাপতি বিজয়লক্ষ্মী পণ্ডিতৰ মৃত্যু হৈছিল ১৯০০ চনৰ আজিৰ দিনটোতে।

➡️ ১৯৪৫ চনৰ এই দিনটোতে ফৰমোছা দ্বীপৰ কাষত এক বিমান দুৰ্ঘটনাত নেতাজী সুভাষ চন্দ্ৰ বসুৰ মৃত্যু হোৱা বুলি ২২ আগষ্টত টকিঅ’ৰ ৰেডিঅ’ৰ ঘোষণা কৰা হৈছিল ।

➡️ ১৯৫১ চনৰ ১৮ আগষ্টত খড়গপুৰত ইণ্ডিয়ান ইনষ্টিটিউট অব্‌ টেকনলজী মুকলি কৰা হৈছিল ।

➡️ লক্ষ্যধৰ চৌধুৰীৰ মৃত্যু হৈছিল ২০০০ চনৰ ১৮ আগষ্টত।

➡️ ২০০২ চনৰ ১৮ আগষ্টত ২০০১ চনৰ ১১ ছেপ্তেম্বৰত নিউয়ৰ্কৰ ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ ধ্বংসৰ মূল নায়ক ওছামা বিন লাডেন আৰু তেওঁৰ সংগঠন আল-কাইদাক আৰ্থিক সাহায্য প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰি ছৌদি ৰাজপৰিয়াল আৰু সাতটা বেংকৰ বিৰুদ্ধে সেই ঘটনাত নিহত পৰিয়ালৰ সদস্যই গোচৰ ৰুজু কৰিছিল।

➡️ ২০০৪ চনৰ আজিৰ দিনটোতে এথেন্স অলিম্পিকৰ শ্বুটিঙত ভাৰতৰ ৰজ্যবৰ্ধন সিঙে ৰাথোড়ৰ ৰূপৰ পদক লাভ কৰিছিল।

➡️ ১৮৫০ চনৰ ১৮ আগষ্টত ফৰাচী ঔপন্যাসিক বালজাকৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.