আজি ২২ জুলাই

➡️ ১৭০২ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ডাচ্চ ইষ্ট ইণ্ডিয়া কোম্পানী একত্ৰীকৰণ কৰা হৈছিল। নতুন নাম দিয়া হৈছিল ‘ইউনাইটেড কোম্পানী অব মাৰ্চেন্টছ অব ইংলেণ্ড ট্ৰেডিং টু দি ইষ্ট ইণ্ডিজ’।

➡️ অষ্ট্ৰিয়াৰ ধৰ্মযাজক আৰু প্ৰকৃতি-বিজ্ঞনী গ্ৰেগৰ জোহান মেণ্ডেলৰ জন্ম হৈছিল ১৮২২ চনৰ ২২ জুলাইত।

➡️ ১৮৯৪ চনৰ ২২ জুলাইত ফ্ৰান্সত প্ৰথম মটৰ গাড়ী দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল।

➡️ পোলেণ্ডত ফেচিষ্ট শাসনৰ অৱসান হৈছিল ১৯৪৪ চনৰ আজিৰ দিনটোতে।

➡️ ১৯৪৭ চনৰ ২২ জুলাইত কংগ্ৰেছৰ কৰাচী অধিবেশনত গৃহীত পতাকাখনত যঁতৰৰ ঠাইত অশোক চক্ৰ বহুৱাই ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা ৰূপে গ্ৰহণ কৰা হৈছিল । এই পতাকাৰ আৰ্হি নিৰ্মাতা আছিল বদৰুদ্দিন তৈয়বজী।

➡️ ভাৰতৰ প্ৰথম ভূ-সমলয় (Geostationary) যোগাযোগ উপগ্ৰহ ‘এপ্‌ল’ মহাকাশত সক্ৰিয় হৈছিল ১৯৮১ চনৰ ২২ জুলাইত। ১৯ জুনত ইয়াক দক্ষিণ আমেৰিকাৰ ফ্ৰান্স গিয়েনাৰ পৰা সফলতাৰে উৎক্ষেপণ কৰা হৈছিল। ৬৭০ কিলোগ্ৰাম ওজনৰ এই উপগ্ৰহ উৎক্ষেপণৰ বাবে যোগাযোগ উপগ্ৰহ নিৰ্মাণ আৰু উৎক্ষেপণত ভাৰত পঞ্চম স্থানলৈ উন্নীত হৈছিল।

➡️ ১৯৯১ চনৰ আজিৰ দিনটোতে নতুন দিল্লীৰ নেচনেল ইনষ্টিটিউট অব ইমিউন’লজীৰ সঞ্চালক ডঃ জি পি তলোৱাৰলৈ ফ্ৰান্সৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘লিজিয়ন অব অনাৰ’ প্ৰদান কৰা হৈছিল। এই সন্মান লাভ কৰা তেৱেঁই আছিল প্ৰথম ভাৰতীয় বিজ্ঞানী।

➡️ পৃথিৱীৰ আটাইতকৈ ডাঙৰ টেলিস্কোপ ‘চন্দ্ৰ’ক মহাকাশত স্থাপন কৰা হৈছিল ১৯৯৯ চনৰ আজিৰ দিনটোতে।

➡️ ২০০৩ চনৰ ২২ জুলাইত দক্ষিণ চীনত হোৱা প্ৰবল ভূমিকম্পত (ৰিখ্‌টাৰ স্কেলত প্ৰাবল্য ৬.২) বিস্তৰ ক্ষয়-ক্ষতি হৈছিল।

➡️ ২০০৬ চনৰ আজিৰ দিনটোতে বিশিষ্ট কবি হৰি বৰকাকতিৰ (৭৯) মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.