➡️ ১৮৬৬ চনৰ আজিৰ দিনটোতে প্ৰাগত অষ্ট্ৰিয়া আৰু প্ৰুছিয়াৰ মাজত শান্তি চুক্তি স্বাক্ষৰিত হৈছিল । ইতিহাসত এই চুক্তি ‘প্ৰাগ চুক্তি’ নামেৰে জনাজাত।
➡️ প্ৰসিদ্ধ বাংলা সাহিত্যিক তাৰাশংকৰ বন্দোপাধ্যায়ৰ জন্ম হৈছিল ১৮৯৮ চনৰ ২৩ আগষ্টত।
➡️ ১৯৪৫ চনৰ ২৩ আগষ্টত চৰ্দাৰ বল্লভভাই পেটেলে ভাৰতৰ প্ৰথম উপ-প্ৰধান মন্ত্ৰীৰূপে নিযুক্তি লাভ কৰিছিল ।
➡️ ন্যায়াধীশ চন্দ্ৰেশ্বৰ প্ৰসাদ সিনহাই অসমৰ ৰাজ্যপাল ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল ১৯৫৯ চনৰ ২৩ আগষ্টত। ১৯৫৯ চনৰ ১৩ অক্টোবৰলৈকে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।
➡️ ১৯৯১ চনৰ ২৩ আগষ্টত ৰুছু গণৰাজ্যত বৰিছ য়েল্টছিনে কমিউনিষ্ট পাৰ্টীক নিষিদ্ধ ঘোষণা কৰিছিল।
➡️ ছোভিয়েট কমিউনিষ্ট পাৰ্টীৰ কেন্দ্ৰীয় সমিতিৰ আঠসত্তৰ বছৰীয়া মুখপত্ৰ ‘প্ৰাভডা’ ১৯৯১ চনৰ আজিৰ দিনটোৰ পৰা কেৱল কমিউনিষ্ট পাৰ্টীৰ ৰাজনৈতিক পত্ৰিকা ৰূপে প্ৰকাশিত হৈছিল।
➡️ ১৯৯৮ চনৰ ২৩ আগষ্টৰ পৰা ৰুছ প্ৰধান মন্ত্ৰী কিৰিয়েংকোক ৰাষ্ট্ৰপতি বৰিছ য়েল্টছিনে অপসাৰণ কৰিছিল । নতুন প্ৰধান মন্ত্ৰী হৈছিল ভিক্টৰ চেৰনেমিৰডন।
➡️ ২০০০ চনৰ ২৩ আগষ্টত কেন্দ্ৰীয় শক্তিমন্ত্ৰী পি আৰ কুমাৰমংগলমৰ মৃত্যু হৈছিল ।
➡️ মধ্যপ্ৰাচ্যৰ সংকট মোচনৰ অৰ্থে সমৰ্থন বিচাৰি য়াছেৰ আৰাফটে ভাৰত ভ্ৰমণ কৰিছিল ২০০১ চনৰ আজিৰ দিনটোতেই।।