আজি ২৩ জুলাই

➡️ ১৮৫৬ চনৰ ২৩ জুলাইত স্বাধীনতা সংগ্ৰামী বাল গংগাধৰ তিলকৰ জন্ম হৈছিল।

➡️ ব্যৱসায়িক ভিত্তিত চিলাই কলৰ উৎপাদক আৰম্ভ কৰা আইজাক মেৰিট ছিংগাৰৰ মৃত্যু হৈছিল ১৮৭৫ চনৰ আজিৰ দিনটোতে।

➡️ ১৮৯৮ চনৰ ২৩ জুলাইত প্ৰসিদ্ধ বাংলা সাহিত্যিক তাৰাশংকৰ বন্দোপাধ্যায়ৰ জন্ম হৈছিল।

➡️ ১৯০৬ চনৰ ২৩ জুলাইত ভাৰতৰ বিপ্লৱী, স্বাধীনতা সংগ্ৰামী চন্দ্ৰশেখৰ আজাদৰ জন্ম হৈছিল ।

➡️ ১৯১৬ চনৰ ২৩ জুলাইত ইংৰাজ বিজ্ঞানী ছাৰ উইলিয়াম ৰেমছেৰ মৃত্যু হৈছিল । তেওঁ ১৯০৪ চনত ৰসায়ন-বিজ্ঞানৰ ন’বেল বঁটা লাভ কৰিছিল।

➡️ ১৯২৭ চনৰ আজিৰ দিনটোতে মুম্বাই আৰু কলকাতাত ভাৰতৰ প্ৰথম অনাতাঁৰ কেন্দ্ৰ স্থাপন কৰা হৈছিল।

➡️ ১৯৩৪ চনৰ ২৩ জুলাইত ব্ৰিটিছ চৰকাৰৰ দ্বাৰা ভাৰতৰ কমিউনিষ্ট পাৰ্টীক বেআইনী ঘোষণা কৰা হৈছিল।

➡️ ১৯৯৪ চনৰ আজিৰ দিনটোতে সাহিত্যিক, অসম সাহিত্য সভাৰ সভাপতি লীলা গগৈৰ মৃত্যু হৈছিল ।

➡️ ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি ৰূপে মেগাৱতী
সুকৰ্ণপুত্ৰী বিজয়ী হৈছিল ২০০১ চনৰ ২৩ জুলাইত।

➡️ ২০০৩ চনৰ আজিৰ দিনটোতে ইৰাকত মাৰ্কিন সেনাৰ আক্ৰমণত ছাদ্দাম হুছেইনৰ দুই পুত্ৰ উদয় আৰু কুছেৰ নিহত হৈছিল ।

➡️ ২০০৪ চনৰ ২৩ জুলাইত হিন্দী চলচ্চিত্ৰৰ জনপ্ৰিয় কৌতুক অভিনেতা মেহমুদৰ মৃত্যু হৈছিল ।।

You might also like
Leave A Reply

Your email address will not be published.