আজি ২৩ ডিচেম্বৰ

▶️১৯০২ চনৰ আজিৰ দিনটোতেই আহমেদাবাদত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অষ্টাদশ বাৰ্ষিক অধিৱেশন আৰম্ভ হৈছিল।
▶️১৯১২ চনৰ এই দিনটোতেই ভাৰতৰ ভাইচৰয় লৰ্ড হাৰ্ডিঞ্জ দিল্লীত আততায়ীৰ বোমাত নিহত হৈছিল।
▶️১৯২১ চনৰ আজিৰ দিনটোতেই শান্তিনিকেতনত ৰবীন্দ্ৰনাথ ঠাকুৰৰ বিশ্বভাৰতীৰ আনুষ্ঠানিক শুভাৰম্ভ। অৱশ্যে ১৯১৮ চনতে ই স্থাপিত হৈছিল।
▶️১৯২৯ চনৰ এই দিনটোতেই ইলাৰাম দাসৰ জন্ম হৈছিল।
▶️১৯৫২ চনৰ আজিৰ দিনটোতেই অসম আন্দোলনৰ নেতা,প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ জন্ম হৈছিল।
▶️১৯৬৮ চনৰ আজিৰ দিনটোতেই ভাৰতৰ প্ৰথম বতৰ নিৰীক্ষক উপগ্ৰহ ‘মেনকা’ৰ সফল উৎক্ষেপণ।
▶️১৯৯৩ চনৰ এই দিনটোতেই প্ৰাক্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাওৰ ‘প্ৰধানমন্ত্ৰীৰ স্থানীয় এলেকা উন্নয়ন প্ৰকল্প’ ঘোষণা।এই প্ৰকল্পৰ জৰিয়তে প্ৰতিগৰাকী সাংসদে নিজ নিজ এলেকাৰ উন্নয়নৰ বাবে এক কোটিকৈ টকা মঞ্জুৰীৰ দিহা কৰা হয়।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই ‘বিপন্ন সময়’ উপন্যাসৰ বাবে মেদিনী চৌধুৰীলৈ উক্ত বৰ্ষৰ সাহিত্য অকাডেমী বঁটা আগবঢ়োৱা হৈছিল।
▶️২০০০ চনৰ এই দিনটোতেই পাকিস্তানৰ কন্ঠশিল্পী নুৰজাহানৰ মৃত্যু হৈছিল।
▶️২০০২ চনৰ আজিৰ দিনটোতেই বিশিষ্ট সাহিত্যিক ডঃ সৰ্বেশ্বৰ ৰাজগুৰুৰ মৃত্যু হৈছিল।।

 

You might also like
Leave A Reply

Your email address will not be published.