আজি ২৬ অক্টোবৰ

▶️১৭৬৪ চনৰ আজিৰ দিনটোতেই প্ৰসিদ্ধ ইংৰাজ চিত্ৰশিল্পী উইলিয়াম হগাৰ্থৰ মৃত্যু হৈছিল।
▶️১৯৩৪ চনৰ এই দিনটোতেই মহাত্মা গান্ধীৰ উদ্যোগত গ্ৰামীণ শিল্প সমিতি গঠন হৈছিল।
▶️১৯৩৬ চনৰ আজিৰ দিনটোতেই মাও-চে-তুঙৰ নেতৃত্বত ঐতিহাসিক ‘লং মাৰ্চ’ আৰম্ভ হৈছিল।
▶️১৯৪৭ চনৰ আজিৰ দিনটোতেই ভাৰতীয় সেনাৰ পাক অনুপ্ৰৱেশকাৰীৰ হাতৰ পৰা কাশ্মীৰক মুক্ত।
▶️১৯৫৫ চনৰ এই দিনটোতেই দক্ষিণ ভিয়েটনামক প্ৰজাতন্ত্ৰ ঘোষণা।
▶️১৯৬১ চনৰ এই দিনটোতেই সাহিত্যৰত্ন চন্দ্ৰধৰ বৰুৱাৰ মৃত্যু।
▶️১৯৬২ চনৰ এই দিনটোতেই চীনৰ ভাৰত আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ভাৰতত প্ৰথমবাৰৰ বাবে জৰুৰীকালীন অৱস্থা ঘোষণা।
▶️১৯৬৯ চনৰ এই দিনটোতেই মহাকাশচাৰী নীল আৰ্মষ্ট্ৰং আৰু এডুইন এলড্ৰীনৰ ভাৰত ভ্ৰমণ।
▶️১৯৯০ চনৰ আজিৰ দিনটোতেই মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উইলিয়ামছন চাংমাৰ মৃত্যু হৈছিল।
▶️২০০২ চনৰ আজিৰ দিনটোতেই বিশিষ্ট বৃটিছ অভিনেতা ৰিচাৰ্ড হেৰিছৰ ৭২ বছৰ বয়সত মৃত্যু।
▶️২০০৩ চনৰ এই দিনটোতেই গোৱালিয়ৰত অনুষ্ঠিত এদিনীয়া ক্ৰিকেটত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ ৩৭ ৰাণত জয়লাভ।
▶️২০০৪ চনৰ এই দিনটোতেই অৰুণ শৰ্মা,প্ৰভাত শৰ্মা আৰু কোষকান্ত দেৱগোস্বামীলৈ ২০০৩ চনৰ সংগীত নাটক একাডেমীৰ বঁটা।।

You might also like
Leave A Reply

Your email address will not be published.