আজি ৩ আগষ্ট

➡️ ১৩৪৭ চনৰ ৩ আগষ্টত আলাউদ্দিন হাছান ওৰফে জাফৰ খানে বাহমনি সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল।

➡️ ১৮৮৫ চনৰ আজিৰ দিনটোতেই উমেশ চন্দ্ৰ বন্দোপাধ্যায়ৰ সভাপতিত্বত মুম্বাইত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন আৰম্ভ হৈছিল।

➡️ ১৯১৪ চনৰ ৩ আগষ্টত প্ৰথম মহাসমৰত ফ্ৰান্সৰ বিৰুদ্ধে জাৰ্মানীয়ে যুদ্ধ ঘোষণা কৰিছিল ।

➡️ নাইজাৰে স্বাধীনতা লাভ কৰিছিল ১৯৬০ চনৰ ৩ আগষ্টত।

➡️ ১৯৭৪ চনৰ আজিৰ দিনটোতে এংগোলা, মোজাম্বিক আৰু গিনি বিচাওৱে স্বাধীনতা লাভ কৰিছিল।

➡️ হিন্দী সাহিত্যৰ বিশিষ্ট পণ্ডিত মৈথিলীচৰণ গুপ্তৰ জন্ম হৈছিল ১৮৮৬ চনৰ ৩ আগষ্টত।

➡️ ১৯৯৯ চনৰ আজিৰ দিনটোতে গাইসালৰ ৰে’ল দুৰ্ঘটনাৰ নৈতিক দায়িত্ব মানি লৈ ৰে’লমন্ত্ৰী নীতিশ কুমাৰে পদত্যাগ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে এই পদত্যাগ-পত্ৰ অগ্ৰাহ্য কৰিছিল।

➡️ ‘নৰ্মদা বচাও’ আন্দোলনত সাহিত্যিক অৰুন্ধতী ৰয়ে অংশগ্ৰহণ কৰিছিল ১৯৯৯ চনৰ ৩ আগষ্টত।

➡️ ২০০১ চনৰ আজিৰ দিনটোৰ পৰাই কানাডাৰ এডমন্টনত বিশ্ব এথলেটিক্‌ছ চেম্পিয়নশ্বিপ আৰম্ভ হৈছিল ।

➡️ ২০০৪ চনৰ ৩ আগষ্টত বানপানীৰ সংহাৰী ৰূপত অসমৰ সহস্ৰাধিক গাঁও জলমগ্ন হোৱাৰ লগতে শতাধিক জীৱ-জন্তুৰ মৃত্যু হৈছিল।

➡️ ১৯৫৯ চনৰ ৩ আগষ্টত কবি-দাৰ্শনিক ভৱানন্দ দত্তৰ মৃত্যু হৈছিল ।।

You might also like
Leave A Reply

Your email address will not be published.