আজি ৪ জানুৱাৰী

▶️আজি ম্যানমাৰৰ স্বাধীনতা দিৱস।
▶️১৬০৪ চনৰ এই দিনটোতেই ৰাজকুমাৰ ছেলিম (পাছলৈ জাহাংগীৰ নামে খ্যাত)ৰ বিদ্ৰোহ ব্যৰ্থ। পিতৃ আকবৰৰ ওচৰত আত্মসমৰ্পণ।
▶️১৬৪৩ চনৰ আজিৰ দিনটোতেই ইংৰাজ জ্যোতিৰ্বিদ আৰু গণিতজ্ঞ ছাৰ আইজাক নিউটনৰ জন্ম হৈছিল। নিউটনৰ জনৰ পৰম্পৰাগত তাৰিখ ২৫ ছেপ্টেম্বৰ,১৬৪২।
▶️১৮০৯ চনৰ এই দিনটোতেই ফৰাছী অন্ধ গৱেষক তথা ব্ৰেইল পদ্ধতিৰ উদ্ভাৱক লুই ব্ৰেইলৰ জন্ম হৈছিল।
▶️১৮৮৪ চনৰ এই দিনটোতেই ধৰ্মপ্ৰচাৰক, ভাৰতৰ জাতীয় চেতনাৰ অন্যতম উন্মেষক কেশৱ চন্দ্ৰ সেনৰ মৃত্যু হৈছিল।
▶️১৯৩২ চনৰ আজিৰ দিনটোতেই মহাত্মা গান্ধীৰ নেতৃত্বত দ্বিতীয় আইন অমান্য আন্দোলন আৰম্ভ, বহু নেতাক গ্ৰেপ্তাৰ।
▶️১৯৪৮ চনৰ আজিৰ দিনটোতেই ব্ৰহ্মদেশ (ম্যানমাৰ)ৰ স্বাধীনতা লাভ।
▶️১৯৫৮ চনৰ আজিৰ দিনটোতেই স্পুটনিক-১ৰ বিনাশ।
▶️১৯৬০ চনৰ এই দিনটোতেই ফৰাছী ঔপন্যাসিক,নাট্যকাৰ, অস্তিত্ববাদী দাৰ্শনিক আলবেয়াৰ কেমুৰ মৃত্যু হৈছিল।
▶️১৯৬৫ চনৰ এই দিনটোতেই মাৰ্কিন কবি-সাহিত্যিক টি এছ ইলিয়টৰ মৃত্যু হৈছিল।
▶️১৯৬৬ চনৰ এই দিনটোতেই ৰাছিয়াৰ তাছখণ্ডত ভাৰত আৰু পাকিস্তানৰ মাজত শান্তি আলোচনা আৰম্ভ হৈছিল। এই আলোচনাত অংশ লৈছিল তেতিয়াৰ প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰী আৰু পাকিস্তানৰ ৰাষ্ট্ৰপতি আয়ুব খানে।
▶️১৯৭২ চনৰ এই দিনটোতেই নতুন দিল্লীত ‘ইনষ্টিটিউট অৱ ক্ৰিমিনোলজী এণ্ড ফৰেনচিক ছায়েন্স’ মুকলি হৈছিল।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই দ্বিতীয়টো মানৱ ক্ল’ন শিশুৰ জন্ম পোৱা বুলি ক্ল’নেইডৰ মুখপাত্ৰ ব্ৰিক্টিই বইডলিইৰ ঘোষণা।
▶️২০০২ চনৰ এই দিনটোতেই কাঠমাণ্ডুত ছাৰ্ক শীৰ্ষ সন্মিলন আৰম্ভ হৈছিল।
▶️২০০৪ চনৰ এই দিনটোতেই পাকিস্তানৰ ইছলামাবাদত ছাৰ্ক শীৰ্ষ সন্মিলন আৰম্ভ হৈছিল।
▶️২০০৪ চনৰ এই দিনটোতেই আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা ‘নাছা’ই প্ৰেৰণ কৰা মহাকাশযান স্পিৰিট ৰ’ভাৰৰ সফলতাৰে মংগল গ্ৰহত পদাৰ্পণ আৰু গ্ৰহটোৰ ছবি সংগ্ৰহ।
▶️২০০৫ চনৰ এই দিনটোতেই প্ৰখ্যাত উৰিয়া সাহিত্যিক ৰাজেন্দ্ৰ কিশোৰ পাণ্ডালৈ সাহিত্য ভাৰতী বঁটা আগবঢ়োৱা হৈছিল।
▶️২০০৫ চনৰ এই দিনটোতেই ভবেন ৰায় পাটগিৰি আৰু বীণা ভাগৱতীলৈ ২০০৫ চনৰ ৰাজ্যিক শিল্পী বঁটা আগবঢ়োৱা হৈছিল।
▶️২০০৬ চনৰ এই দিনটোতেই ইণ্ডোনেছিয়াৰ জাভাত হোৱা প্ৰৱল বৰষুণ আৰু ভূমিস্খলনৰ ফলত ২৫০ লোক জীৱন্তে সমাধিস্থ হৈছিল।
▶️২০০৬ চনৰ এই দিনটোতেই অসম নাট্য সন্মিলনৰ টিহু অধিৱেশন আৰম্ভ হৈছিল।
▶️২০০৬ চনৰ আজিৰ দিনটোতেই যোগগুৰু বাবা ৰামদেৱৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ।
▶️২০০৬ চনৰ এই দিনটোতেই ফিজিত সংঘটিত হৈছিল প্ৰলয়ংকাৰী ভূমিকম্প।
▶️২০০৬ চনৰ এই দিনটোতেই কলকাতাত প্ৰিন্স অব ৱেলছৰ দ্বাৰা ভিক্টোৰিয়া মেম’ৰিয়েল হলৰ আধাৰশিলা স্থাপন।।

You might also like
Leave A Reply

Your email address will not be published.