আজি ৬ আগষ্ট

▶️আজি বলিভিয়াৰ স্বাধীনতা দিৱস।
▶️আজি বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস।
▶️আজি হিৰোছিমা দিৱস।
▶️১৮০৯ চনৰ এই দিনটোতেই ইংৰাজ কবি লৰ্ড আলফ্ৰেড টেনিছনৰ জন্ম হৈছিল।
▶️১৮২৫ চনৰ এই দিনটোতেই কলম্বিয়াৰ স্বাধীনতা লাভ।
▶️১৮৮১ চনৰ এই দিনটোতেই বিশিষ্ট জীৱাণুতত্ববিদ, পেনিচিলিনৰ আৱিষ্কাৰক আলেকজেণ্ডাৰ ফ্লেমিঙৰ জন্ম হৈছিল।
▶️১৯৩২ চনৰ আজিৰ দিনটোতেই ভেনিছত বিশ্বৰ প্ৰথম আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ আৰম্ভ।
▶️১৯৪৫ চনৰ আজিৰ দিনটোতেই জাপানৰ হিৰোছিমাত আমেৰিকাৰ পাৰমাণৱিক বোমা বিস্ফোৰণ।
▶️১৯৮৬ চনৰ এই দিনটোতেই মুম্বাইত ভাৰতৰ প্ৰথমটো টেষ্ট টিউব বেবীৰ জন্ম।
▶️১৯৮৮ চনৰ এই দিনটোতেই উত্তৰ-পূৱ ভাৰতৰ একাধিক স্থানত ভূমিকম্প।
▶️১৯৯০ চনৰ এই দিনটোতেই পাকিস্তানত বেনজিৰ ভূট্টোৰ চৰকাৰ বৰ্খাস্ত। জাতীয় সংসদ ভংগ।
▶️১৯৯৭ চনৰ আজিৰ দিনটোতেই সাহিত্যিক, জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ দেহাৱসান।।

You might also like
Leave A Reply

Your email address will not be published.