আজি ৮ ছেপ্টেম্বৰ

➡️ আজি আন্তৰ্জাতিক সাক্ষৰতা দিৱস।

➡️ ১৫০৪ চনৰ ৮ ছেপ্তেম্বৰত মাইকেল এঞ্জেলোৰ প্ৰসিদ্ধ শিল্পকৃতি ‘ডেভিদ’ক ফ্লোৰেন্সৰ এটা গিৰ্জাত স্থাপন কৰা হৈছিল।

➡️ প্ৰসিদ্ধ ফৰাচী কবি ফ্ৰেডেৰিক মিস্ত্ৰালৰ জন্ম হৈছিল ১৮৩০ চনৰ আজিৰ দিনটোতে। ১৯০৪ চনত তেওঁ সাহিত্যৰ ন’বেল বঁটা লাভ কৰিছিল।

➡️ ১৯২৬ চনৰ ৮ ছেপ্তেম্বৰত সুধাকণ্ঠ ড’ ভূপেন হাজৰিকাৰ জন্ম হৈছিল ।

➡️ ১৯৩৩ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ শিল্পী আশা ভোঁছলেৰ জন্ম হৈছিল ।

➡️ ১৯৪৩ চনৰ ৮ ছেপ্তেম্বৰত মিত্ৰশক্তিৰ ওচৰত ইটালীয়ে নিঃচৰ্ত আত্মসমৰ্পণ কৰিছিল।

➡️ জেনেভাত ভাৰতসহ ৩৫ খন দেশৰ কপিৰাইট সন্মিলন অনুষ্ঠিত হৈছিল ১৯৫২ চনৰ ৮ ছেপ্তেম্বৰত।

➡️ ১৯৬০ চনৰ আজিৰ দিনটোতে বিশিষ্ট অৰ্থনীতিবিদ তথা সাংসদ ফিৰোজ গান্ধীৰ মৃত্যু হৈছিল।

➡️ ১৯৬২ চনৰ আজিৰ দিনটোতে ভাৰতৰ পূৱ আৰু উত্তৰ সীমান্তত চীনে আক্ৰমণ কৰিছিল ।

➡️ মমতা বেনাৰ্জী আৰু জি এন ৰামচন্দ্ৰণৰ অন্তৰ্ভূক্তিৰে বাজপেয়ী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হৈছিল ২০০৩ চনৰ ৮ ছেপ্তেম্বৰত।।

You might also like
Leave A Reply

Your email address will not be published.