নেচনেল ডেস্ক:
আত্মনিৰ্ভৰশীলতাৰ দিশত ভাৰতৰ আন এক বৃহৎ পদক্ষেপ। ‘মেক ইন ইণ্ডিয়া’ৰ অধিনত নিৰ্মিত যুদ্ধজাহাজ ‘INS বিন্ধ্যাগিৰি’ক দেশ সেৱাৰ বাবে উৎসৰ্গিত কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে। ১৭ আগষ্টত কলকাতাৰ গাৰ্ডেন ৰিচ শ্বিপবিল্ডাৰ্ছ এণ্ড ইঞ্জিনিয়াৰছ লিমিটেডত প্ৰজেক্ট 17A ফ্ৰিগেট প্ৰকল্পৰ অধিনত নিৰ্মাণ কৰা হৈছে INS বিন্ধ্যাগিৰি। উল্লেখ্য যে, কৰ্ণাটকৰ এখন পৰ্বতমালাৰ নামেৰে নামাকৰণ কৰা হৈছে INS বিন্ধ্যাগিৰি। INS বিন্ধ্যাগিৰি প্ৰজেক্ট 17A ফ্ৰিগেটৰ অন্তৰ্গত নিৰ্মিত ষষ্ঠখন তথা অন্তিম খন যুদ্ধজাহাজ। এই কাৰ্যসূচীৰ অধীনত মুম্বাইস্থিত মাজাগন ডক শ্বিপবিল্ডাৰ্ছ লিমিটেডত চাৰিখন আৰু গাৰ্ডেন ৰিচ শ্বিপবিল্ডাৰ্ছ এণ্ড ইঞ্জিনিয়াৰছ লিমিটেডত তিনিখন জাহাজ নিৰ্মাণৰ কাম চলি আছে।প্ৰজেক্ট 17A অন্তৰ্গত জাহাজসমূহৰ আৰ্হি ভাৰতীয় নৌসেনাৰ যুদ্ধজাহাজ ডিজাইন ব্যুৰোৰ। জাহাজত ব্যৱহৃত সা-সঁজুলিৰ ৭৫% থলুৱা প্ৰতিষ্ঠানৰ।।