আফগানিস্তানত তালিবানীৰ দ্বাৰা অপহৃত ভাৰতীয়!

কাবুলৰ স্থানীয় সংবাদ মাধ্যমৰ এক প্ৰতিবেদন অনুসৰি তালিবানে শনিবাৰে ৰাতিপুৱা হামিদ কাৰজাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ওচৰৰ এটা অঞ্চলৰ পৰা ১৫০ জনৰো অধিক লোকক অপহৰণ কৰিছে, যাৰ ভিতৰত বেছিভাগ ভাৰতীয় নাগৰিক ।পত্নী আৰু আন কিছুমানৰ সৈতে পলাই যাবলৈ সক্ষম হোৱা এগৰাকীয়ে স্থানীয় সংবাদ মাধ্যম ইতিলাট্ৰোজক কয় যে অপহৰণকাৰীসকলৰ ভিতৰত কিছুমান আফগান নাগৰিক আৰু আফগান শিখ আছে যদিও তেওঁলোকৰ বেছিভাগেই ভাৰতীয় নাগৰিক।

সূত্ৰটোৰ মতে তালিবান সকলে নিশা প্ৰায় ১ বজাত মিনিভেনত কাবুল বিমানবন্দৰলৈ যাওঁতে তেওঁলোকৰ কাষ চাপিছিল । যেতিয়া তেওঁলোকে সহযোগিতাৰ অভাৱত বিমানবন্দৰত প্ৰৱেশ কৰিব নোৱাৰিলে, তেতিয়া তালিবানে তেওঁলোকক শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ পিছত ৰাজধানী কাবুলৰ পূব চুবুৰীয়া তাৰাখিললৈ লৈ গৈছিল।

ইফালে ভাৰত চৰকাৰে এই প্ৰতিবেদনৰ সত্যতা নিৰ্ণয় কৰিবলৈ চেষ্টা কৰি আছে।।

You might also like
Leave A Reply

Your email address will not be published.