আবকাৰী বিভাগৰ অভিযানত নষ্ট ৩৩০ লিটাৰ চুলাই মদ,জব্দ বৃহৎ পৰিমাণৰ বিদেশী সুৰা

 

নিউজ ডেস্ক:

বৈধ সুৰাৰ বিৰুদ্ধে লামডিঙৰ আবকাৰী বিভাগৰ অভিযান। লামডিঙত প্ৰান্তে প্ৰান্তে অবৈধভাৱে গঢ় লৈ উঠিছে সুৰাৰ ৰমৰমীয়া বেহা৷ অবৈধ সুৰাৰ ব্যৱসায় ৰোধ কৰিবলৈ আবকাৰী বিভাগে তীব্ৰ অভিযান চলোৱা পৰিলক্ষিত হৈছে৷ আবকাৰী বিভাগে লামডিঙৰ বিভিন্ন অঞ্চল অভিযান চলাই প্ৰায় ৩৩০ লিটাৰ চুলাই মদ নষ্ট কৰাৰ লগতে বৃহৎ পৰিমাণৰ বিদেশী সুৰা জব্দ কৰিবলৈ সক্ষম হয়৷ ইয়াৰোপৰি অবৈধভাৱে বিক্ৰী কৰা দেশী-বিদেশী সুৰাৰ ঘাটিবোৰো উৎখাত কৰে অভিযানকাৰী দলে।

বিভাগীয় সূত্ৰই জানিবলৈ দিয়া অনুসৰি, লামডিঙত প্ৰতিদিনেই অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব৷ এই ক্ষেত্ৰত পূবৰ্তকৈও দুগুণ কঠোৰ হ’ব লামডিং আৰক্ষী।।

You might also like
Leave A Reply

Your email address will not be published.