আয়কৰৰ ৰোষত ৰাষ্ট্ৰীয় সংবাদ গোষ্ঠী

নেচনেল ডেস্ক, এন ই ভাৰত

ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান ‘দৈনিক ভাস্কৰ’ গোষ্ঠীৰ বিৰুদ্ধে তৎপৰ আয়কৰ বিভাগ।আজি কাহিলী পুৱাতে প্ৰতিষ্ঠানটোৰ মধ্যপ্ৰদেশ,ৰাজস্থান, গুজৰাট আৰু মহাৰাষ্ট্ৰৰ কাৰ্যালয়ত উপস্থিত হৈ তালাচী চলাই আয়কৰ বিভাগৰ অভিযানকাৰী দলে। ‘দৈনিক ভাস্কৰ’ কৰ্তৃপক্ষৰ অভিযোগ মতে অভিযানকাৰীৰ দলটোৱে প্ৰতিষ্ঠানটোৰ নাইট শ্বিফটৰ কৰ্মীসকলক আবদ্ধ কৰি ৰখাৰ লগতে কৰ্মচাৰী সকলৰ ম’বাইল ফোন,লেপটপ আদি বাজেয়াপ্ত কৰাৰ ফলত সংবাদ গোষ্ঠীটোৰ ডিজিটেল সংস্কৰণ বিঘ্নিত হয়। নিশা কৰ্তব্যৰত কৰ্মচাৰী সকলৰ গৰিষ্ঠসংখ্যকেই সম্পাদনা আৰু আই টি বিভাগৰ হয় বুলি সদৰি কৰি প্ৰতিস্থানটোৱে বিত্তীয় লেনদেনৰ সৈতে সম্পৰ্ক নথকা এই সকল কৰ্মীক আয়কৰৰ অভিযানকাৰী দলটোৱে ঘন্টাৰ পাছত ঘন্টা ধৰি আবদ্ধ কৰি ৰখাত আশ্বৰ্য প্ৰকাশ কৰে। ইফালে বিগত সময়চোৱাত মোডী চৰকাৰৰ বিভিন্ন নেতিবাচক দিশ উদঙাই অহাৰ বাবেই কাকত গোষ্ঠীটোৰ ওপৰত চৰকাৰী বিভাগৰ এনে ষড়যন্ত্ৰমূলক অভিযান চলা বুলিও প্ৰতিষ্ঠানটোৰ লগতে বিৰোধী ৰাজনৈতিক শিবিৰে অভিযোগ তুলিছে। সংবাদ প্ৰতিষ্ঠানৰ কাম বন্ধ কৰি চলোৱা এনে অভিযানৰ তীব্ৰ বিৰোধ কৰি বিৰোধীয়ে সৃষ্টি কৰা উত্তাল পৰিস্থিতিৰ মাজত আজি সংসদৰ উভয় সদন স্থগিত ৰাখিব লগা হয়।।

You might also like
Leave A Reply

Your email address will not be published.