ইউক্ৰেইনৰ চহৰ লভিভত ৰাছিয়াৰ ভয়ংকৰ মিছাইল আক্ৰমণ!

আক্ৰমণৰ ফলত মৃত্যু হয় কমেও চাৰিগৰাকী লোকৰ

ইণ্টাৰনেচনেল ডেস্ক:

উক্ৰেইনৰ পশ্চিম অঞ্চলৰ চহৰ লভিভত ৰাছিয়াৰ ভয়ংকৰ মিছাইল আক্ৰমণ। মিছাইল আক্ৰমণত তচনচ এটা বৃহৎ আৱাসিক অট্টালিকা। আক্ৰমণৰ ফলত মৃত্যু হয় কমেও চাৰিগৰাকী লোকৰ। আনহাতে এটা শিশুকে ধৰি গুৰুতৰভাৱে আহত হয় ৩২ গৰাকীতকৈও অধিক লোক। লগতে ৫০ খনৰো অধিক বাহন ধ্বংস হয় আক্ৰমণটোত।

তথ্য অনুসৰি, মিছাইল আক্ৰমণত সম্পূৰ্ণৰূপে ধ্বংস হয় আৱাসিক অট্টালিকাটোৰ তৃতীয় আৰু চতুৰ্থ মহলা। ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ বাবে চেষ্টা অব্যাহত আছে ।এতিয়ালৈ ধ্বংসপ্ৰাপ্ত অট্টালিকাটোৰ পৰা ৭ গৰাকী লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে আৱাসিক এলেকাটোৰ পৰা আন ৬৪ গৰাকী লোকক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰা হৈছে।

উল্লেখযোগ্য যে,কৃষ্ণ সাগৰৰ পৰা নিক্ষেপ কৰা ১০টা কালিব্ৰে মিছাইলেৰে ৰাছিয়াই লভিভক আক্ৰমণ কৰা বুলি সদৰি কৰিছে ইউক্ৰেইনৰ বায়ুসেনাই।।

You might also like
Leave A Reply

Your email address will not be published.