মধ্য ইণ্ডোনেছিয়াৰ পূব নুছা টেংগাৰা প্ৰদেশৰ জলসীমাত এখন যাত্ৰীবাহী জাহাজত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ১৩ জন লোকৰ। আনহাতে জীৱন্তে উদ্ধাৰ ২৬৩ জন লোক । খৱৰটো সদৰি কৰিছে প্ৰাদেশিক অনুসন্ধান আৰু উদ্ধাৰ কাৰ্যালয়ৰ অপাৰেচন ইউনিটৰ মুৰব্বীয়ে। উল্লেখ্য যে কুপাং চহৰৰ এটা সাগৰীয় বন্দৰৰ পৰা প্ৰদেশখনৰে আলোৰ জিলালৈ গৈ থকা অৱস্থাতে শান্তিকা লেষ্টাৰী নামৰ জাহাজখনত সংঘটিত হয় আকস্মিক অগ্নিকাণ্ড । ইফালে উদ্ধাৰ অভিযান বাতৰি প্ৰস্তুত কৰা সময়লৈকে অব্যাহত আছে বুলি জানিবলৈ দিয়ে প্ৰাদেশিক অনুসন্ধান আৰু উদ্ধাৰ কাৰ্যালয়ৰ অপাৰেচন ইউনিটৰ মুৰব্বীয়ে।।
