এগৰাকী আদৰ্শ বোৱাৰীৰ দৃষ্টান্ত

সৌজন্য: চ’ছিয়েল মিডিয়া

আজি চ’ছিয়েল মিডিয়াত ব্যাপক প্ৰশংসাৰ মাজেৰে চৰ্চিত হৈছে এখন ছবি।ছবিখনত দেখা গৈছে এগৰাকী মহিলাই বোকোচাত তুলি লৈ গৈছে এজন আদহীয়া ব্যক্তিক।দৰাচলতে মহিলা গৰাকী এগৰাকী বোৱাৰী,আৰু তেওঁ বোকোচাত তুলি নিয়া ব্যক্তিজন মহিলা গৰাকীৰ শহুৰ।

ৰহাৰ ক’ভিড আক্ৰান্ত থোলেশ্বৰ দাস নামৰ লোকজনক এনেদৰে বোকোচাত তুলি চিকিৎসালয়লৈ লৈ গৈছে বোৱাৰীয়েক নীহাৰিকা দাসে। বোকোচাত তুলি ৰহা চিকিৎসালয়লৈ নিয়াৰ পাছত শহুৰেক থোলেশ্বৰ দাসৰ লগত নগাঁৱৰ ক’ভিড হস্পাটাললৈ গৈছে বোৱাৰী নীহাৰিকা। নীহাৰিকা নিজেও ক’ভিড পজিটিভ। শহুৰেকক বোকোচাত তুলি চিকিৎসালয়লৈ নিয়াৰ পৰত নীহাৰিকাই কৈছে,’আনলৈ বাট নাচাই নিজেই চিকিৎসালয়লৈ লৈ আহিলো শহুৰ দেউতাক’।

সঁচাকৈয়ে আজিৰ যান্ত্ৰিক যুগত শহুৰেকৰ প্ৰতি বোৱাৰীয়েকৰ দায়বদ্ধতাৰ এনে বিৰল নিদৰ্শনে এতিয়া ৰহাৰ নীহাৰিকা দাসক কৰি তুলিছে সকলোৰে প্ৰশংসাৰ পাত্ৰ। ।

You might also like
Leave A Reply

Your email address will not be published.