ওলোৱা নাই মূল্যাংকনৰ ফৰ্মূলা

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

মেট্ৰিক,উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ মূল্যাংকন সন্দৰ্ভত বৈঠক সমাপ্ত হ’ল যদিও নহ’ল কোনো সিদ্ধান্ত । আজি ডঃ অলক বুঢ়াগোহাঁইৰ অধ্যক্ষতাত ছেবাৰ কাৰ্যালয়ত মূল্যাংকনৰ বিষয়ে অনুষ্ঠিত হৈছিল এক ৰুদ্ধদ্বাৰ বৈঠক। বৈঠকত অংশগ্ৰহণ কৰে ছেবাৰ অধ্যক্ষ আৰ চি জৈনেও। ৫ ঘন্টা ধৰি ৯ জনীয়া কমিটি বৈঠকত মিলিত হৈছিল যদিও উপনীত হ’ব নোৱাৰিলে কোনো চূড়ান্ত সিদ্ধান্তত। সেয়ে বৃহস্পতিবাৰে পুনৰ মিলিত হ’ব ৯ জনীয়া উচ্চস্তৰীয় কমিটি।।

You might also like
Leave A Reply

Your email address will not be published.