দৰং জিলাৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ হাতীডিপুৰ প্ৰায় পাঁচশ মিটাৰ মান নিলগত উদ্ধাৰ হয় এটা প্ৰাপ্তবয়স্ক খড়্গ বিহীন গঁড়ৰ মৃতদেহ।
আনুমানিক এমাহ মান আগতে চোৰাং চিকাৰীয়ে গঁড়টো হত্যা কৰি খড়্গ লৈ যোৱা বুলি সন্দেহ কৰা হৈছে।
যোৱ ২২ আগষ্টতে উৱঁলি যোৱা গঁড়ৰ মৃতদেহটো বন কৰ্মীয়ে উদ্ধাৰ কৰাৰ পাছত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছিল।
ৰহস্যজনক ভাবে গঁড় হত্যাৰ খবৰটো বন বিভাগে গাপ দি ৰখাৰ অভিযোগ উঠিছে।।
