ক’ভিড আপডেট

বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে ২৭ গৰাকী লোক। আক্ৰান্ত সকলৰ ১৩ গৰাকী কামৰূপ (মেট্ৰ’) জিলাৰ, ৪ গৰাকী নলবাৰী জিলাৰ, ৩ গৰাকী যোৰহাট জিলাৰ, ২ গৰাকী ধুবুৰী জিলাৰ আৰু ২ গৰাকী তিনিচুকীয়া জিলাৰ । যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হোৱা নাই কোনো আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ২.৬৭ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৫৭ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ১,৯৯৭ গৰাকী । পজিটিভিটিৰ হাৰ ০.৯৪ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৭৫ শতাংশ। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ৩০,৩৬২ গৰাকী।

You might also like
Leave A Reply

Your email address will not be published.