কলম্বোত এদিনীয়া শৃংখলা ভাৰতৰ দখলত

স্পৰ্টছ ডেস্ক, এন ই ভাৰত-

দীপক শ্বহৰৰ অপৰাজিত ৬৯ ৰানৰ সহায়ত কলম্বোত এদিনীয়া শৃংখলা জিনিবলৈ সক্ষম হ’ল টীম ইণ্ডিয়া। দ্বিতীয়খন এদিনীয়াতো ঘৰুৱা দল শ্ৰীলংকাৰ বিৰুদ্ধে ৩ উইকেটত বিজয় সাব্যস্ত কৰি তিনিখনীয়া শৃংখলাত ২-০ৰ অগ্ৰগতি লাভ কৰে ভাৰতে।প্ৰথমে বেট ধৰি শ্ৰীলংকাই নিৰ্ধাৰিত ৫০ অ’ভাৰত ৯ উইকেট হেৰুৱাই ২৭৫ ৰান সংগ্ৰহ কৰে।ভাৰতৰ হৈ য়ুজী চহল আৰু ভূৱনেশ্বৰ কুমাৰে ৩ টাকৈ উইকেট দখল কৰে।প্ৰত্যুত্তৰত ভাৰতে ৪৯.১ অ’ভাৰত ৭ উইকেট হেৰুৱাই ২৭৭ ৰান সংগ্ৰহ কৰি বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয়।।

You might also like
Leave A Reply

Your email address will not be published.