কলিয়াবৰত বন্যহস্তীৰ সন্ত্ৰাস

ৰাজ্যত অব্যাহত বন্য হস্তীৰ উপদ্ৰৱ। কলিয়াৰৰ হাতীগাৱৰ ৩ নং ৰাষ্ট্ৰীয় ঘাইপথত বনৰীয়া হাতীয়ে চলাইছে তাণ্ডব । হাতীৰ কাষেৰেই পাৰ হৈ গৈছে বাহন। কলিয়াবৰৰেই সোণাৰি-কামাখ্যা গাঁৱত দীৰ্ঘদিনে অৱস্থান কৰিছে হাতীৰ এটা জাকে। এন্ধাৰ নামি আহিলেই গাঁৱত প্ৰৱেশ কৰে হাতীৰ বৃহত্‍ জাকটোৱে। এফালৰ পৰা হাতীয়ে তহিলং কৰিছে ভঁৰালৰ ধান। ঘৰ-দুৱাৰ ভঙাৰ উপৰিও খেতি পথাৰো নষ্ট কৰিছে হাতীৰ জাকটোৱে। বন বিভাগৰ অমনোযোগিতাৰ অভিযোগ স্থানীয় ৰাইজৰ।সম্প্ৰতি বন্য হস্তীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত।।

You might also like
Leave A Reply

Your email address will not be published.