কাইলৈ আকৌ ৰিঙত নামিব অদম্য অসম কণ্যা লাভলীনা বৰগোহাঁই। অসমবাসীৰ সীমাহীন প্ৰাৰ্থনা ,শুভকামনাৰ মাজত টকিঅ’ অলিম্পিকত ইতিমধ্যেই ইতিহাস ৰচা লাভলীনাই ছেমি ফাইনেলত মুখামুখী হ’ব টুৰ্কীৰ প্ৰতিদ্বন্দী বুছেনাঝ চুৰমেনেলীৰ। পুৱা ১১ বজাত অনুষ্ঠিত হ’ব লগীয়া লাভলীনাৰ খেল উপভোগৰ বাবে কাইলৈ আধাঘন্টাৰ বাবে অসম বিধান সভাৰ চলিত বাজেট অধিবেশনৰ কাৰ্যাৱলী স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।।
