কাইলৈ মহা শিৱৰাত্রি!

মহা শিৱৰাত্ৰিৰ দিনা অৰ্থাৎ ১৮ ফেব্ৰুৱাৰীত নলবাৰীত অসমৰ সৰ্বোচ্চ উচ্চতাৰ শিৱ মূৰ্তি উন্মোচিত কৰা হ’ব।

নিউজ ডেস্ক :

কাইলৈ মহা শিৱৰাত্রি। মহা শিৱৰাত্ৰিৰ দিনা অৰ্থাৎ ১৮ ফেব্ৰুৱাৰীত নলবাৰীত অসমৰ সৰ্বোচ্চ উচ্চতাৰ শিৱ মূৰ্তি উন্মোচিত কৰা হ’ব। ৯১ ফুট ওখ এই শিৱ মূৰ্তিটো ভাৰতৰ ভিতৰতে ষষ্ঠটো সৰ্বোচ্চ উচ্চতাৰ মহাদেৱৰ মূৰ্তি হ’ব। নলবাৰীৰ শ্ৰী শ্ৰী বাবা দুধনাথ খাৰঝাৰা আশ্ৰমৰ সমীপত এই উচ্চ শিৱ মূৰ্তিটো চিমেণ্ট আৰু শিলেৰে নিৰ্মাণ কৰি উলিওৱা হৈছে।

জানিব পৰা মতে, এই মূৰ্তিটো নিৰ্মাণ কৰোতে মুঠ ৩২ লাখ টকা ব্যয় হৈছে। এই খৰচ মহালক্ষ্মী সঞ্চয় আৰু ঋণদান সমবায় সমিতিয়ে বহন কৰিছে। অসমৰ আটাইতকৈ ওখ এই শিৱ মূৰ্তিটো খনিকৰ প্ৰদীপ পাল আৰু তেওঁৰ ২০ গৰাকী কৰ্মচাৰীৰ দ্বাৰা সাজি উলিওৱা হৈছে।

মহা শিৱৰাত্ৰিৰ দিনা এই সু উচ্চ শিৱ মূৰ্তিটো ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ অসম ক্ষেত্ৰৰ সহকাৰী প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱাই উন্মোচন কৰিব। মুকলি অনুষ্ঠানত ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী উপস্থিত থাকিব‌ বুলি জানিব পৰা গৈছে।

You might also like
Leave A Reply

Your email address will not be published.