কালিৰে পৰা সৰ্বাধিক চৰ্চিত হৃদয় বিদাৰক ফটোখন

নেচনেল ডেস্ক, এন ই ভাৰত

কালিৰে পৰা চ’ছিয়েল মিডিয়াত সৰ্বাধিক চৰ্চিত ছবিখন। এগৰাকী আশীতিপৰ অসুস্থ বৃদ্ধক চিকিৎসালয়ৰ বিচনাত ভৰিত শিকলি বান্ধি থোৱা দৃশ্যই শিহৰিত কৰি তুলিছে প্ৰতিগৰাকী মানৱতাবাদীক। দেশৰ ন্যায় ব্যৱস্থাৰ প্ৰতি ক্ষুদ্ধ কৰি তুলিছে অগনন লোকক।খলকনি তুলিছে দেশৰ ৰাজনৈতিক মহলতো।
আচৰিত কথাটো হ’ল অতি নিৰ্দয়ভাবে চিকিৎসালয়ৰ বিচনাত ভৰিত শিকলি লগাই থোৱা এই ৮৪ বছৰীয়া বৃদ্ধজন কোনো দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নহয়। বৰং ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰৰ অৱহেলিত আদিবাসীৰ বাবে বিগত ৫ দশকে যুঁজ দি অহা ব্যক্তিজন খ্ৰীষ্টান যাজক ষ্টেন স্বামী।মাওবাদীৰে সম্পৰ্কৰ অভিযোগত ‘নিয়া’ই জাপি দিয়া গোচৰত ‘ভীমা কোড়েগাঁও’ ঘটনাত অভিযুক্ত হৈ কাৰাবন্দী হৈ থকা সমাজকৰ্মী ষ্টেন স্বামীৰ অবশেষত কালি মুম্বাইৰ এখন হস্পাটালত চিকিৎসাধীন অবস্থাতে মৃত্যু ঘটে।একাধিক দুৰাৰোগ্যত ভূগি থকা আশীতিপৰ বৃদ্ধজনৰ ভৰিৰ শিকলি জীৱনৰ অন্তিম ক্ষন পৰ্যন্ত খুলি দিয়া ন’হল। এই ঘটনাত শোকস্তব্ধ হৈ পৰিছে দেশ-বিদেশৰ বৌদ্ধিক মহল।।

You might also like
Leave A Reply

Your email address will not be published.