কাৰাগাৰলৈ প্ৰত্যাৱৰ্তনৰ পূৰ্বে ঘৰত অন্তিম সাজ অখিলৰ

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

NIA ৰ আদালতে বান্ধি দিয়া দুদিনৰ সময়সীমা উকলিল অখিল গগৈৰ। ৰুগীয়া মাতৃ আৰু কিছুদিন পূৰ্বে ক’ভিডৰ সৈতে যুঁজি অহা পুত্ৰক দেখা কৰিবলৈ শুকুৰবাৰে দুদিনৰ বাবে আদালতে পেৰলত মুক্তি দিছিল শিৱসাগৰৰ নবনিৰ্বাচিত বিধায়ক তথা কাৰাবন্দী কৃষক নেতা অখিল গগৈক। শুকুৰবাৰে GMCH ৰ পৰা গুৱাহাটীৰ নিজৰাপাৰৰ ঘৰলৈ গৈ নিশাটো পত্নী-পুত্ৰৰ সৈতে কটাই শণিবাৰে পুৱাই যোৰহাটৰ চেলেংহাটৰ ঘৰলৈ ৰুগ্ন মাতৃৰ কাষলৈ ঢাপলি মেলিছিল ৰাইজৰ দলৰ সভাপতি গৰাকী। আজি আদালতৰ নিৰ্ধাৰিত সময়সীমা উকলাৰ পূৰ্বে জেললৈ ওভতাৰ প্ৰাকক্ষণত চেলেংহাটৰ ঘৰত মাতৃ, আটাইকেইগৰাকী বায়েক আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতে মজিয়াত বহি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিলে অখিল গগৈয়ে।।

You might also like
Leave A Reply

Your email address will not be published.