কিদৰে এতিয়াও টকিঅ’ অলিম্পিকলৈ যোগ্য হ’ব হীমা?

স্পৰ্টছ ডেস্ক, এন ই ভাৰত

পাটিয়ালাত অনুষ্ঠিত ইণ্ডিয়ান গ্ৰাঁ প্ৰি এথলেটিকছ চেম্পিয়নশ্বিপত দুটাকৈ স্বৰ্ণ জয়েৰে উজলিও ০.৮ ছেকেণ্ডৰ বাবে টকিঅ’ অলিম্পিকৰ যোগ্যতা অৰ্জনত ব্যৰ্থ হয় অসম কণ্যা ‘ধিং এক্সপ্ৰেছ’ হীমা দাস। ২০০ মিটাৰ শাখাত ব্যক্তিগত শ্ৰেষ্ঠ প্ৰদৰ্শনৰ লগতে মহিলাৰ ৪×১০০মি. ৰীলে টীমত ৰাষ্ট্ৰীয় অভিলেখ গঢ়িও টকিঅ’ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জনত সফল নহ’ল হীমা।
২২.৮৮ ছেকেণ্ডত ২০০ মিটাৰত সন্তোষজনক প্ৰদৰ্শনৰ লগতে মহিলাৰ ৪×১০০মি. ৰীলে টীমত ৪৩.৩৭ ছেকেণ্ডৰ অভিলেখ গঢ়িলেও অলিম্পিকৰ যোগ্যতাৰ মানত পিছ পৰি ৰ’ল অসম কণ্যা।
অবশ্যে অলিম্পিকৰ যোগ্যতা অৰ্জনৰ বাবে এতিয়াও এসপ্তাহ বাকি থকা অৱস্থাত নিৰ্বাপিত হোৱা নাই হীমাৰ আশা।টকিঅ’ অলিম্পিকৰ বাবে হীমাই চূড়ান্ত অগ্নিপৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব ২৫ জুনৰ পৰা অনুষ্ঠিত হ’ব লগীয়া ইন্টাৰ-ষ্টেট নেচনেল এথলেটিকছ চেম্পিয়নশ্বিপত।।

You might also like
Leave A Reply

Your email address will not be published.