কুকুৰ উৰুৱাই বিপদত ইউটিউবাৰ

নিউজ ডেস্ক-

গেছ বেলুনেৰে কুকুৰক উৰুৱাবলৈ গৈ গ্ৰেপ্তাৰ হ’ব লগা হ’ল ইউটিউবাৰ। দিল্লীৰ গৌৰৱ শৰ্মা নামৰ এজন ইউটিউবাৰে এটা পোহনীয়া কুকুৰ গেছ ভৰ্ত্তি বেলুনৰ সৈতে বান্ধি উৰুৱাবলৈ গৈ লকআপত সোমাব লগা হ য়। গৌৰৱে নিজ ঘৰৰ পোহনীয়া কুকুৰটো গেছ ভৰ্ত্তি বেলুনত বান্ধি উৰুৱাই দিয়াৰ পিছতে নিজৰ ইউটিউব চেনেল ‘গৌৰৱ জ’ন’ত আপলোড কৰে সেই ভিডিঅ’। সেই ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ। ইয়াৰ পিছতে ইউটিউবাৰজনৰ বিৰুদ্ধে ৰুজু হয় একাধিক গোচৰ। পিছত আৰক্ষীয়ে আটক কৰে ইউটিউবাৰ গৌৰৱ শৰ্মাক।।

You might also like
Leave A Reply

Your email address will not be published.