নেচনেল ডেস্ক:
কেদাৰনাথ মন্দিৰত ফটোগ্ৰাফী, ভিডিঅ’গ্ৰাফী নিষিদ্ধ। মন্দিৰৰ বাহিৰত শ্বুট কৰা এটা ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে এই কথা এক জাননি যোগে জানিবলৈ দিয়ে কেদাৰনাথ-বদ্ৰীনাথ মন্দিৰ সমিতিয়ে। উল্লেখ্য যে, এগৰাকী মহিলা ব্লগাৰে নিজৰ সংগীক প্ৰেমৰ প্ৰস্তাৱ দিয়া ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে এই সিদ্ধান্ত। নিয়ম ভংগকাৰীসকলৰ বিৰুদ্ধে ন্যায়িক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও জাননিখনত উল্লেখ কৰা হৈছে।
তদুপৰি, মন্দিৰ সমিতিয়ে ভক্তসকলক সুৰুচিপূৰ্ণ পোছাক পিন্ধিবলৈ আৰু মন্দিৰ চৌহদত শিবিৰ স্থাপন কৰাৰ পৰা বিৰত থাকিবলৈও আহ্বান জনাইছে।।