গাজাৰ গ্ৰীক অৰ্থডক্স গীৰ্জাত ইজৰাইলৰ এয়াৰষ্ট্ৰাইক!

বোমাবৰ্ষণৰ ফলত আঠগৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হয় বহুসংখ্যক লোক

ইণ্টাৰনেচনেল ডেস্ক:

গাজাৰ গ্ৰীক অৰ্থডক্স গীৰ্জাত ইজৰাইলৰ এয়াৰষ্ট্ৰাইক। বৃহস্পতিবাৰে নিশা মধ্য গাজাৰ আল-জাইটুন চুবুৰীৰ গ্ৰীক অৰ্থডক্স চেণ্ট পৰ্ফাইৰিয়াছ চাৰ্চৰ চৌহদত সংঘটিত হয় ইজৰাইলৰ এই বিমান আক্ৰমণ। ​ঐতিহাসিক গীৰ্জাঘৰটোত ইজৰাইলে কৰা ভয়াৱহ বোমাবৰ্ষণৰ ফলত আঠগৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হয় বহুসংখ্যক লোক। নিহত-আহত সকলৰ ভিতৰত মহিলা আৰু শিশুও আছে বুলি জানিব পৰা গৈছে। মৃতকৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি পেলেষ্টাইনী সূত্ৰই প্ৰকাশ কৰিছে। খবৰ অনুসৰি, এই আক্ৰমণৰ ফলত ধ্বংসস্তুপত পৰিনত হয় কাউন্সিল অৱ চাৰ্চ ষ্টুয়াৰ্ডছৰ ভৱনটো । উল্লেখ্য যে, ইজৰাইলৰ বোমাবৰ্ষণৰ পৰিপ্ৰেক্ষিতত নিৰাপদ আশ্ৰয় বিচৰা খ্ৰীষ্টান আৰু মুছলমানকে ধৰি পেলেষ্টাইনী পৰিয়ালসমূহে এই গীৰ্জাঘৰটোত বাহৰ পাতি আছিল।।

You might also like
Leave A Reply

Your email address will not be published.