গুপ্তাংগত প্ৰহাৰ কৰি হত্যা

ব্যুৰ’ ৰিপৰ্ট, এন ই ভাৰত

তিনিচুকীয়া জিলাৰ লিডুত নৃশংস হত্যাকাণ্ড। ভিনিহিয়েকৰ হাতত নিহত খুলশালীয়েক। তিনিচুকীয়া জিলাৰ লিডু চাহ বাগিছাৰ ২ নং লাইনত আজি সন্ধিয়া সংঘটিত হয় এই নৃশংস হত্যাকাণ্ড । ঘৰ জোঁৱাই হিচাপে থকা ২২ বছৰীয়া ভিনিহিয়েক সুভাষ কিচানে খুলশালিয়েক সমীৰ কিচানক গোপন অংগত প্ৰহাৰ কৰাত ঠিতাতে নিহত হয় ।ইতিমধ্যে আৰক্ষীয়ে অভিযুক্তক আটক কৰিছে । ঘৰুৱা কন্দলৰ পৰিণতিতে এই হত্যকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

You might also like
Leave A Reply

Your email address will not be published.