গুৰগাঁৱৰ ৪৯ নং ছেক্টৰৰ এটা বস্তিত বিধ্বংসী অগ্নিকাণ্ড!

নেচনেল ডেস্ক:

গুৰগাঁৱৰ ৪৯ নং ছেক্টৰৰ ঘাছোলা গাঁৱৰ এটা বস্তিত বিধ্বংসী অগ্নিকাণ্ড। সোমবাৰে নিশা সংঘটিত হোৱা অগ্নিকাণ্ডত নিমিষতে ভষ্মিভূত বস্তিটোৰ ২০০ৰো অধিক সৰু সৰু ঘৰ। অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই। ১৮খন অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে তিনি ঘণ্টাৰ পিছত জুই নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয় বুলি অগ্নিনিৰ্বাপক বাহিনীৰ সূত্ৰে প্ৰকাশ। বস্তিৰ কোনো জুপুৰি ঘৰ এটাৰ পৰা জুই আৰম্ভ হৈ পিছলৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ লগে লগে নিমিষতে জুই বিয়পি পৰাৰ সন্দেহ।।

You might also like
Leave A Reply

Your email address will not be published.